অনলাইন কুইজ প্ৰতিযোগিতাৰ নিয়মসমূহ (Online Quiz Competition Rules and Regulations)

অনলাইন কুইজ প্ৰতিযোগিতালৈ আপোনাক স্বাগতম! সকলোৰে বাবে এক ন্যায্য আৰু ভাল অভিজ্ঞতা নিশ্চিত কৰিবলৈ তলত দিয়া নিয়মবোৰ ভালদৰে পঢ়ক।

১/ সাধাৰণ আভাস (General Overview)

কুইজ প্ৰতিযোগিতাখন আমাৰ অফিচিয়েল ৱেবছাইটত হ’ষ্ট কৰা হৈছে। প্ৰতি সপ্তাহত সোমবাৰৰ পৰা শনিবাৰলৈ Quiz.Jonakii.in ৱেবছাইটত প্ৰতি দিনে এটা নিদিষ্ট বিষয়ত ১০ টা নতুন প্ৰশ্ন-উত্তৰ আপল’ড কৰা হ’ব (সপ্তাহৰ ৬ দিনত ছটা বিষয়ত মুঠ ৬০টা প্ৰশ্ন-উত্তৰ)। এই সমূহ প্ৰশ্ন-উত্তৰ পৰা প্ৰতি দেওবাৰে এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব, অংশগ্ৰহণকাৰীসকলে সেই সপ্তাহ হৈ যোৱা ৬০টা প্ৰশ্নৰ উত্তৰ দি জয়ী হ’ব পাৰে। য’ত আপোনালোকে সৰ্বোচ্চ নম্বৰ লাভ কৰি এখনকৈ মানপত্ৰ লাভ কৰিব পাৰিব।
এই দৰে এমাহত চাৰিখন কৈ ৬০টা প্ৰশ্নৰ প্ৰতিযোগিতা হ’ব। সেই মাহটোত চাৰিখন প্ৰতিযোগিতাত অহা ২৪০টা প্ৰশ্ন পৰা বাচনি কৰি ২০০টা প্ৰশ্নৰ এখন কুইজ প্ৰতিযোগিতা হ’ব। এই খনে হ’ব প্ৰতি মাহৰ বিশেষ প্ৰতিযোগিতা, য’ত যিজনে জয়ী হ’ব তেওঁক এটা বিশেষ আকৰ্ষণীয় উপহাৰৰ লগতে মানপত্ৰ প্ৰদান কৰা হ’ব। তলত উল্লেখ কৰা নিয়মসমূহ ভালদৰে মন কৰক-

২/ যোগ্যতা (Eligibility)

১৩ বছৰ বা তাতকৈ অধিক বয়সৰ সকলোৰে বাবে মুকলি। আয়োজক দলৰ কৰ্মচাৰী আৰু সংযুক্ত প্ৰতিষ্ঠানসমূহে অংশগ্ৰহণ কৰিব পাৰিব কিন্তু প্ৰতিযোগি হিচাপে ধৰা নহ’ব।

৩/ সময়সীমা (Duration)

প্ৰতিযোগিতাত সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে সময়সীমা থাকিব।
সপ্তাহত যিখন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব তাত প্ৰতিটো প্ৰশ্নৰ বাবে ৫০ ছেকেণ্ড সময় থাকিব আৰু যিখন প্ৰতিযোগিতা মাহেকত (২০০টা প্ৰশ্নৰ কুইজ) অনুষ্ঠিত হ’ব তাত প্ৰতিটো প্ৰশ্নৰ বাবে ৩০ ছেকেণ্ড সময় থাকিব।

৪/ স্ক’ৰিং আৰু ৰেংকিং (Scoring and Ranking)

প্ৰতিটো শুদ্ধ উত্তৰে ১ নম্বৰ (পইণ্ট) লাভ কৰিব। প্ৰতিযোগিতাৰ শেষত সৰ্বাধিক মুঠ নম্বৰ (পইণ্ট) পোৱা অংশগ্ৰহণকাৰীয়ে জয়ী হ’ব। যদি একাধিক অংশগ্ৰহণকাৰীৰ নম্বৰ একে হয়, তেন্তে কম সময়ত প্ৰশ্নৰ উত্তৰ দিয়াজনৰ ৰেংকিঙ বেছি হ’ব আৰু তেখেতে জয়ী হ’ব।

৫/ পুৰস্কাৰ আৰু উপহাৰ (Prize and Rewards)
  • সপ্তাহত যিখন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব তাত বিজয়ীয়ে লাভ কৰিব মানপত্ৰ।
  • মাহেকত (২০০টা প্ৰশ্নৰ কুইজ) যিখন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব তাত বিজয়ীয়ে লাভ কৰিব বিশেষ আকৰ্ষণীয় উপহাৰৰ লগতে মানপত্ৰ।

প্ৰতিযোগিতাৰ ফলাফল নিশ্চিত আৰু পৰীক্ষা কৰাৰ পিছত পুৰস্কাৰ প্ৰদান কৰা হ’ব।

৬/ আচৰণ বিধি (Code of Conduct)
  • অংশগ্ৰহণকাৰীসকলে প্ৰশ্নৰ উত্তৰ সৎ আৰু ন্যায্য ভাৱে দিব লাগিব।
  • প্ৰতাৰণা কৰা, বাহ্যিক সহায় ব্যৱহাৰ কৰা বা যিকোনো ধৰণৰ অন্যায় সুবিধাৰ গ্ৰহণ কৰা সকলক তাৎক্ষণিকভাৱে Ai যোগেৰে বিবেচনা কৰি অযোগ্য ঘোষণা কৰা কৰা হ’ব।
  • আন অংশগ্ৰহণকাৰীৰ প্ৰতি সন্মানীয় হওক আৰু অনুপযুক্ত ভাষা বা আচৰণ পৰিহাৰ কৰক।
৭/ পঞ্জীয়ন (Registration)

অংশগ্ৰহণ কৰিবলৈ আপুনি আপোনাৰ নাম, ইমেইল, মোবাইল নম্বৰ সৈতে ৱেবছাইটত বিনামূলীয়া পঞ্জীয়ন কৰিব লাগিব।
পঞ্জীয়নৰ পিছত, আপুনি এটা নিশ্চিত কৰণ ইমেইল লাভ কৰিব। যিকোনো প্ৰশ্নৰ-উত্তৰ দিবলৈ চেষ্টা কৰাৰ আগতে নিশ্চিত হওক যে আপুনি পঞ্জীয়ন কৰিছে।

পঞ্জীয়ন : বিনামূলীয়া

৮/ কাৰিকৰী প্ৰয়োজনীয়তা (Technical Requirements)
  • অংশগ্ৰহণ কৰিবলৈ আপুনি এটা সুস্থিৰ ইণ্টাৰনেট সংযোগৰ প্ৰয়োজন।
  • ডেস্কটপ আৰু মোবাইল দুয়োটা ডিভাইচতে এই কুইজ প্ৰতিযোগিতাত প্ৰৱেশ কৰিব পাৰিব।

যিকোনো কাৰিকৰী সমস্যাৰ বিষয়ে তৎক্ষণাত সমৰ্থন দলক জনাওক।

৯/ অযোগ্যতা (Disqualification)

নিয়ম উলংঘা কৰা বা অসৎ কামত লিপ্ত হোৱা অংশগ্ৰহণকাৰীক অযোগ্য ঘোষণা কৰা হ’ব। লগতে এজন প্ৰতিযোগীয়ে এটা ডিভাইচৰ পৰা এবাৰ হে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। দ্বিতীয় বাৰ যদি কৰিবলৈ চেষ্টা কৰে তেখেতৰ সেই ডিভাইচত আমাৰ ৱেবছাইটতো বন্ধ হৈ যাব।
আয়োজকসকলে যিকোনো অংশগ্ৰহণকাৰীক অযোগ্য ঘোষণা কৰাৰ অধিকাৰ সংৰক্ষিত ৰাখিছে যদিহে তেওঁলোকে বিশ্বাস কৰে যে নিয়মৰ অপব্যৱহাৰ কৰা হৈছে।

১০) গোপনীয়তা আৰু তথ্য সুৰক্ষা (Privacy and Data Protection)

পঞ্জীয়ন কৰি আপুনি আমাৰ গোপনীয়তা নীতিত সন্মত হৈছে। আপোনাৰ ব্যক্তিগত তথ্য গোপনীয় ৰখা হ’ব আৰু কেৱল প্ৰতিযোগিতাৰ বাবে ব্যৱহাৰ কৰা হ’ব।

১১) নিয়মৰ পৰিৱৰ্তন (Changes to the Rules)

আয়োজকসকলে যিকোনো সময়তে নিয়মসমূহ আপডেট বা সলনি কৰিব পাৰে। যিকোনো পৰিৱৰ্তন ৱেবছাইটত প্ৰকাশ কৰা হ’ব।